07/04/2019 - 14:28
in
গুৱাহাটীঃ ৰং চেনেলৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক 'বৰলা কাই'ৰ চিত্ৰনাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামী আৰু নাই। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ 'হায়াট' হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। অত্যধিক ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰাটো শিল্পীগৰাকীৰ পৰিয়ালটোৰ বাবে এক সমস্যাই দেখা দিছিল।
শিল্পী গৰাকীক সুস্থ কৰি তুলিবলৈ তেখেতৰ পত্নী কবিতা গোস্বমীয়ে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে বিপুল বশিষ্ঠ গোস্বামীয়ে। আজি পুৱা প্ৰায় ৮.১৫ বজাত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। ২০০১ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰিত ধাৰাবাহিক 'হেঁপাহৰ ঘৰ’-ৰে চিত্ৰনাট্যকাৰ গোস্বামীয়ে ৰাইজৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল।
খিৰিকীৰ মুখৰ আলহী, বৰলাকাই, তীৰ্থযাত্ৰাৰ দৰে বহু ধাৰাবাহিকতো অলেখ অৱদান আছে শিল্পীগৰাকীৰ।