সমস্যা সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ তামুলপুৰৰ ৰাইজৰ

 03/19/2019 - 20:53

তামুলপুৰঃ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোপোলাস্বৰূপ ওলাই পৰিছে৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিহংগপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ চৈধ্য বছৰৰ পিছতো মুকলি নহ’ল প্ৰায় ৫০ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা পানী যোগান আঁচনিখন৷ বিটিচি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুুুুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰা আঁচনিখন সম্প্ৰতি জহি-খহি যাবলৈ ধৰিছে৷

বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’বলগাত অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই আজি হাতে হাতে কলহ, বাল্টি আদি লৈ ওলাই আহি প্ৰতিবাদমুখৰ হৈ পৰে৷ আমাক পানী লাগে পানী দিয়ক, পানী দিয়ক ভোট নিয়ক, বিপিএফ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে দি গাঁওবাসীয়ে পানী যোগান প্ৰকল্পত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতি বছৰে এনেদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি অহা ৰাইজৰ চকুৰ সন্মুখতে পানী যোগান প্ৰকল্পটো এতিয়া জহি-খহি যাবলৈ ধৰিছে। ৰাইজৰ সমস্যালৈ পিঠি দিয়া ৰাইজৰ প্ৰতিনিধি তথা নিৰ্বিকাৰ ভূমিকা পালন কৰি অহা বিটিচি চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ প্ৰতি সম্প্ৰতি ক্ষোভিত হৈ পৰিছে বিহংগপুৰৰ তিনিশটা পৰিয়াল৷

নিৰ্বাচনৰ বতৰত ভোট বিচাৰি আহিব খোজা নেতালৈ এমাই দুমাইল বাটকুৰি বাই খোৱাপানী সংগ্ৰহ কৰা ৰাইজৰ স্পষ্ট কথা পোনতে খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ক নহ’লে ভোট বিচাৰি নাহিব৷ ৰাইজৰ হুংকাৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰিব৷

উল্লেখযোগ্য যে পানী যোগান প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে অঞ্চলটোৰ ফণীল লস্কৰ নামৰ লোকজনে ১ বিঘা মাটি ৰাইজৰ সেৱাত দান কৰি দিছিল যদিও সম্প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অদূৰদৰ্শিতা, দায়বদ্ধহীনতাৰ লগতে সংশ্লিষ্ট বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহীৰ হেতু তামুলপুৰৰ কাউলীৰ বিহংগপুৰত গ্ৰামাঞ্চলৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি দীৰ্ঘদিন ধৰি বিকল হৈ থকাৰ লগতে উক্ত আঁচনিসমূহৰ সম্প্ৰতি চিন-চাব নোহোৱাৰ উপক্ৰম ঘটিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।