শ্ৰীৰামপুৰঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ, তামাৰহাট আদি কৰি বিভিন্ন অঞ্চলত বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে ক্ষুব্ধ হৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। শ্ৰীৰামপুৰ বজাৰত ডি কে গড়কাপ্তানী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদী ৰাইজে।
শ্ৰীৰামপুৰ, তামাৰহাট আদি অঞ্চলত বিগত কিছুদিন ধৰি ২৪ ঘণ্টাৰ ৪ ঘণ্টা সময়াে বিদ্যুৎ যোগান পােৱা নাই গ্ৰাহক ৰাইজে। উৎকট গৰমত দিন-ৰাতি অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলবাসী। বিদ্যুৎ বিভাগৰ চৰম অৱহেলা আৰু দুৰ্নীতিৰ বিৰুদ্ধে আজি শ্ৰীৰামপুৰ এলেকাৰ ৰাইজ একগােট হৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে আৰু দীৰ্ঘ সময় ধৰি পথ অৱৰোধ কৰাত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। কিছু সময়ৰ পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।