বিশ্বকাপৰ বা-বতৰা

 07/04/2019 - 14:52

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯-ৰ ৪১ সংখ্যক মেচত ইংলেণ্ডে পৰাস্ত কৰিছে নিউজিলেণ্ডক৷ প্ৰথমে বেট ধৰি ইংলেণ্ডে ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩০৫ ৰান ৷

তাৰ বিপৰীতে নিউজিলেণ্ডে ৪৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৮৬ ৰান কৰে৷ ১১৯ ৰানৰ বিশাল ব্যৱধানত জয়ী হয় ইংলেণ্ড৷ ইংলেণ্ডৰ অপেনাৰ বেটছমেন জনী ব্ৰেষ্ট’য়ে ৯৯ বলত ১টা ৬ আৰপ ১৫টা ৪ৰে ১০৬ ৰান কৰি মেন অৱ দ্য মেচ হয়৷

আজি বিশ্বকাপ ক্ৰিকেট ২০১৯-ৰ ৪২ সংখ্যক মেচ আফগানিস্তান বনাম ৱেষ্ট ইণ্ডিজ৷ ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা লীডছৰ হেডিংলে খেলপথাৰত মেচখন অনুষ্ঠিত হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।