কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত!

 07/04/2019 - 15:25

ডিজিটেল ডেস্কঃ  মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে বিজেপি দলত যোগদান কৰাৰ কথা। কংগ্ৰেছ দলটোত থাকি তেওঁ নিজ সমষ্টিলৈ উন্নয়ন আনিব পৰা নাই বুলি মতপ্ৰকাশ কৰে।

বৰ্তমান বিধায়কজনৰ এনে মন্তব্যই কংগ্ৰেছ দলত তূমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ এই ঘোষণাৰ পাছত বিজেপি নেতৃত্বই কি সিন্ধান্ত ল'ব সেয়া হ'ব লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।