কাইলৈ লোকসভাত দাখিল হ'ব ২০১৯-২০ বৰ্ষৰ বাজেট

 07/04/2019 - 15:31

ডিজিটেল ডেস্ক: মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট শুক্ৰবাৰে লোকসভাত দাখিল কৰা হ'ব। দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব প্ৰথমখন বাজেট।

বাজেটৰ পূৰ্বে আজি সদনত মন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব যাতে সাধাৰন জনতাই দেশৰ আৰ্থিক স্থিতিৰ কথা জানিব পাৰে।

শুক্ৰবাৰে দাখিল হ'বলগীয়া বাজেটক লৈ এতিয়া দেশৰ অৰ্থনৈতিক আৰু বাণিজ্যিক মহলত জল্পনা কল্পনা চলিছে। দ্বিতীয় বাৰৰ বাবে পুনৰ চৰকাৰ গঠন কৰা মোদী চৰকাৰৰ বাজেটক লৈ দেশৰ সকলো লোক আশাবাদী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।