ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৰ্জ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ টাই আহোম ছাত্র সন্থাৰ

 07/04/2019 - 16:33

সৰুপথাৰঃ আহোমকে আদি কৰি ছয় জনজাতিক জনজাতিকৰণ কৰাৰ প্ৰসংগত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জ্জুন মুণ্ডাৰ শেহতীয়া বক্তব্য আৰু মোডী চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত আজি টাই আহোম ছাত্র সন্থাৰ ধনশিৰি মহকুমা সমিতিয়ে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰীয় চৰকাৰে অসম ছয় জনজাতিক নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ কৰাৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ সংগঠনটোয়ে। নৰেন্দ্ৰ মোডী হায় হায়, অৰ্জন মুণ্ডা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, আৰএচএচ মুৰ্দাবাদ, ছয় জনজাতিক প্ৰতাৰণা কৰা সহ্য কৰা নহ’ব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টাই আহোম ছাত্র সন্থাই অতি শীঘ্ৰে অসমৰ ছয় জনজাতিক জনজাতিকৰণ নকৰিলে অনাগত দিনত জঙ্গী আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।