শংকৰদেৱ শিশু নিকেতনত ৭০ সংখ্যক বন মহোৎসৱ উদযাপন

 07/04/2019 - 17:12

গুৱাহাটীঃ কামৰূপ জিলাত উদযাপন কৰা হৈছে ৭০ সংখ্যক বন মহোৎসৱ। চিলা বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত ১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপিত হ’ব এই বন মহোৎসৱ। এই বন মহোৎসৱ উপলক্ষ্যে আজি এক সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰা সম্পৰ্কে সজাগ কৰা হয়। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্যা আৰু অভিভাৱকৰ লগতে পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আজি অনুষ্ঠিত হোৱা সজাগতা সভাখন সঞ্চালনা কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে।

সভাত চিলা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত দত্তই বক্তব্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজ গৃহত একো একোখন বিবিধ গছৰ বাগিচা বনাই তাৰ সতে ৰং ধেমালি কৰিবলৈ আহ্বান জনায়। তেওঁ চমু বক্তব্যত অতি সহজ ভাষাত ছাত্ৰ-ছাত্ৰী সকলক বন সংৰক্ষণ আৰু গছপুলি ৰোপনে কি দৰে পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰাখি আমাৰ ধৰাখন সেউজীয়া কৰি ৰাখিব পাৰি সেই কথা সুন্দৰ কৈ উপস্থাপন কৰে। ইয়াৰ পূৰ্বে সভাত প্ৰধান আচাৰ্য উৎপল তালুকদাৰে বনাঞ্চলিক বিষয়াগৰাকীক সম্বৰ্ধনা জনায়। পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ৰঞ্জন কুমাৰ শৰ্মা, সমাজকৰ্মী সেৱক কুলেন বড়ো, উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মা, সমাজ সেৱীকা মুন দাস, ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মৰমী বড়ো আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত উপস্থিত সকলোৱে মাতৃস্বৰূপ প্ৰকৃতিৰ সুৰক্ষা দিবলৈ সংকল্পবদ্ধতাৰ কথা দোহাৰে। সভাত পৰিৱেশ প্ৰদূষণ সম্পৰ্কেও আলোচনা কৰা হয়। সভাৰ অন্তত ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত সকলোকে গছপুলি বিতৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।