ধেমাজি কাণ্ডত জড়িত দোষীৰ শাস্তি হ’ব কেনে?

 07/04/2019 - 17:19

ডিজিটেল ডেস্ক: সুদীৰ্ঘ ১৫ বছৰৰ মূৰত আজি অৰ্থাৎ বৃহস্পতিবাৰে ধেমাজি বিস্ফোৰণ কাণ্ডৰ ৰায় দিলে আদালতে। ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে এই কাণ্ডৰ লগত জড়িত মুঠ ৬জনক দোষী সাব্যস্ত কৰাৰ লগতে ৮জনক দোষমুক্ত ঘোষনা কৰে।

৬ জন দোষীৰ ভিতৰত চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দুজনক ৪ বছৰৰ কাৰাদণ্ড বিহে। মুহী সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলি গোঁহাই আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ড বিহে আদালতে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।