07/04/2019 - 17:39
in
লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ চাউলধোৱা উপ আৰক্ষী চকীৰ অন্তৰ্গত পথালি পাম চাহ বাগিচাত এগৰাকী অচিনাক্ত মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আনন্দ চাহ বাগিছাৰ অধীনৰ পথালি পাম চাহ বাগিছাৰ ৰূপাই লাইনত, চাহ বাগিচাত কাম কৰি থকা অৱস্থাত শ্ৰমিক সকলে প্ৰথমে মৃতদেহ প্ৰত্যক্ষ কৰি বাগিচা কৰ্তৃপক্ষক খবৰ দিয়াত, বাগিচা কৰ্তৃপক্ষই চাউলধোৱা আৰক্ষীক খবৰ দিয়ে।
এই খবৰৰ ভিত্তিত দিনৰ প্ৰায় ১১.৩০ বজাত ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নোলোৱালৈকে কি কাৰনত, কেনে পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হয় অথবা মৃত মহিলা গৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।