পিনাকী চন্দ্ৰ ঘোষক দেশৰ প্ৰথমগৰাকী লোকপাল নিযুক্ত

 03/20/2019 - 13:58

ডিজিটেল ডেস্ক: প্ৰাক্তন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক শুকুৰবাৰে দেশৰ প্ৰথমগৰাকী লোকপাল হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকপাল হিচাপে নিযুক্তি দিয়ে পি চি ঘোষক। ২০১৭ চনত উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ঘোষ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপেও কৰ্মৰত হৈ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰ্বাচন কমিটীৰ বৈঠকত লোকপাল আৰু সমিতিৰ ৮ সদস্যৰ নাম নিৰ্বাচিত কৰা হৈছিল। এওঁলোকৰ উপৰি, লোকপাল সমিতিৰ ন্যায়িক সদস্য হিচাপে ন্যায়াধীশ দিলীপ ভোশলে আৰু ন্যায়াধীশ পি কে মহান্তিক নিৰ্বাচিত কৰা হয়।

আনহাতে, ন্যায়াধীশ অভিলাষা কুমাৰী আৰু ন্যায়াধীশ এ কে ত্ৰিপাঠীও নিযুক্ত হৈছে ন্যায়িক সদস্য হিচাপে। দীনেশ কুমাৰ, অৰ্চনা ৰামাসুন্দৰম, মহেন্দ্ৰ সিং আৰু ডা০ আই পি গৌতমকো সমিতিৰ সদস্যৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।