নেট বেংকিং হেকাৰৰ বলি কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা

 07/04/2019 - 18:09

কাকপথাৰঃ সাৱধান! হেকাৰৰ পৰা সাৱধান! অসম আৰক্ষীয়ে যিমানেই নে’ট বেংকিং একাউন্ট হে’কাৰৰ বিৰুদ্ধে জাল নাপাতক কিয় হে’কাৰে নিজৰ কাম কৰিয়েই আহিছে৷ ৰাজ্যখনৰ সহজ সৰল বেংক গ্ৰাহকৰ একাউন্টৰ পৰা টকা হে’ক কৰি লুটি আহিছে নে’ট বেংকিং হে’কাৰ চক্ৰই৷ অসম আৰক্ষীৰ হাইটেক্‌ চি’চটেমে হে’কাৰ চক্ৰক উৎখাত কৰাটো দূৰৰে কথা বেংক একাউন্টৰ হে’কিং ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা তপন শৰ্মাই হে’কাৰৰ বলি হৈ প্ৰায় ৩০ হাজাৰ টকা নিজৰ বেংক একান্টৰ পৰা হেৰুৱাব লগা হ’ল৷

ঘটনা অনুসৰি কাকপথাৰৰ এজন যুৱকে নিজৰ মটৰ চাইকেলখন OLX ত বিক্ৰীৰ বাবে বিজ্ঞাপন দিয়াৰ পিছতেই নিজকে এজন ভাৰতীয় সেনাৰ কৰ্মচাৰী বুলি পৰিচয় দি গ্ৰাহক হিচাপে যুৱকজনৰ সৈতে যোগাযোগ কৰে৷ যোগাযোগৰ অন্তত ভাৰতীয় সেনাৰ কৰ্মচাৰীজনে মটৰচাইকেলখন ক্ৰয় কৰিব বুলি জানিবলৈ দিয়াৰ লগতে আগধন হিচাপে নে’ট বেংকিঙৰ যোগেদি নিৰ্দ্বাৰিত টকা আদায় দিয়া আশ্বাস দিয়ে৷ মটৰচাইকেলখনৰ গৰাকী যুৱকজনে তেতিয়া প্ৰবক্তা তপন শৰ্মাৰ কাষ চাপে আৰু নে’ট বেংকিঙৰ যোগেদি সেনা কৰ্মচাৰীজনৰ পৰা ধন আদায় পোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰুধ জনায়৷ মটৰচাইকেলখন বিক্ৰীৰ বাবদ যুৱকজনে নিৰ্ধাৰিত ধন গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰোতেই প্ৰথম অৱস্থাত প্ৰৱক্তাগৰাকীৰ বেংক একাউন্টৰ পৰা পাঁচ হাজাৰ টকা হে’কাৰ চক্ৰই সৰকাই নিয়ে৷

হে’কাৰ চক্ৰটোৰ সদস্যই ভুলবশতঃ প্ৰৱক্তা গৰাকীৰ একাউন্টৰ পৰা ধনখিনি সোমাই যোৱা বুলি জনোৱাৰ লগতে ধনখিনি উভতাই দিয়াৰ বিপৰীতে দ্বিতীয়বাৰ পূৰ্বৰ অনুকৰনেৰে নে’ট বেংকিং জৰিয়তে টকা আদায় লবলৈ আহ্বান জনাই প্ৰবক্তাজনক৷ প্ৰবক্তাজনে যুৱকজনৰ কথা ৰাখিবলৈ গৈ দ্বিতীয়বাৰ নে’ট বেংকিং ট্ৰাই কৰোতে একাউন্টৰ প্ৰায় ৩০ হাজাৰ টকা দুষ্ট হে’কাৰ চক্ৰটোৱে লুট কৰি লয় বুলি অভিযোগ তুলিছে৷ উপায়হীন হৈ প্ৰৱক্তাজনে কাকপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে তিনিচুকীয়া জিলা উপ আৰক্ষী অধীক্ষকক সাক্ষ্যাৎ কৰি বিষয়টো অৱগত কৰিছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কিমান পৰ্যায়লৈ সফল হ’ব সেয়া লক্ষ্যণীয় হ’ব৷ অশিক্ষিত লোকে হেকাৰৰ বলি হোৱাৰ বাতৰি পোৱা যায় যদিও উচ্চ শিক্ষিত প্ৰৱক্তা এজনেও যে হে’কাৰৰ বলি হোৱা বাতৰিয়ে দুষ্ট হেকাৰ চক্ৰসমূহৰ মনোবল বৃদ্ধি কৰিছে৷ প্ৰৱক্তা তপন শৰ্মাই এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা লবলৈ আহ্বান জনোৱাৰ লগতে সকলো ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ শেহতীয়াকৈ প্ৰৱক্তা গৰাকীয়ে OLX ত বিষয়টো অৱগত কৰাত OLX কৰ্তৃপক্ষই তেওঁৰ একাউন্টতো বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়াৰ লগতে প্ৰৱক্তাজনক সকলোপ্ৰকাৰে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি প্ৰবক্তা গৰাকীয়ে জানিবলৈ দিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।