কুকুৰৰ মাংস ভক্ষণ কৰি ৰঙা ঘৰৰ আলহী ৪ জন লােক

 07/04/2019 - 18:29

ডিজিটেল ডেস্কঃ মহানগৰীৰ বেলতলা চাৰ্ভেত সংঘটিত হয় এক কুকুৰ ভক্ষণৰ ঘটনা। বুধবাৰে নিশা কুকুৰৰ মাংস ভক্ষণ কৰি বিপদত পৰে কেইজনমান লােক। প্ৰতিবেশীৰ পােহনীয়া কুকুৰ চুৰি কৰি আনি মাংস ভক্ষণ কৰে লােক কেইজনে।  কুকুৰটােৰ গৰাকীয়ে কুকুৰটােক বিচাৰি নাপাই আৰক্ষীক অৱগত কৰায়।  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লােকক আটক কৰে।  

ইতিমধ্যে আৰক্ষীৰ আগত কুকুৰৰ মাংস ভক্ষণ কৰাৰ কথা স্বীকাৰ কৰে ধৃত লােককেইজনে। ধৃত লােক কেইজন হ’ল ক্ৰমে- হাৱা মাৰ, ছেমুৱেল লালৰা, এলবাৰ্ট পুমলিং ৰুমা আৰু হাউলিন খুম হাৰুম।  এই ঘটনাৰ লগত জড়িত আন কেইজনমান লােক বৰ্তমান পলাতক অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।