ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নেমকেয়াৰ হস্পিতালত উত্তপ্ত পৰিস্থিতি

 07/04/2019 - 18:44

গুৱাহাটীঃ বিৰ্তকত সোমাই পৰিল মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ হস্পিতাল৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি৷ ভঙাগড়ৰ শ্ৰীমন্তপুৰৰ নিৱাসী ভগিন্দৰ চৌধৰী নামৰ এগৰাকী ব্যক্তিক যোৱা ২৭ জুনত নেমকেয়াৰ হস্পিতাল ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে৷ জানিব পৰামতে ব্যক্তিজনৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

কিন্তু ব্যক্তিজনে আজি মৃত্যুক সাৱটি লয়। পৰিয়ালৰ অভিযোগ অনুসৰি ভুল চিকিৎসাৰ বাবেহে ৰোগীৰ মৃত্যু হ’ল। এগৰাকী ব্যক্তিয়ে ভুল চিকিৎসাৰ বাবে মৃত্যুক সাৱতিব লগীয়া হোৱাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হ’ল মহানগৰীৰ নেমকেয়াৰ হস্পিতালত৷ পিছত আৰক্ষী শীৰ্ষ বিষয়া তথা অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।