চৰকাৰী বিষয়াক বোকা ঢালিলে কংগ্ৰেছী বিধায়কে

 07/04/2019 - 18:54

ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে মধ্যপ্ৰদেশ ইন্দৰৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ায়ে এগৰাকী চৰকাৰী বিষয়াক ৰাজহুৱা স্থানত ক্ৰিক্ৰেট বেটেৰে প্ৰহাৰ কৰা পিছত আজি পুনৰ কৰ্মৰত অৱস্থাত থকা এগৰাকী চৰকাৰী অভিযন্তাক ৰাজহুৱা স্থানত অপমান কৰে মহাৰাষ্ট্ৰৰ এগৰাকী কংগ্ৰেছী বিধায়ক নিতেশ ৰানেয়ে।

মহাৰাষ্ট্ৰ-গোৱা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ পৰিৰ্দশন কৰি থকা সময়ত পথৰ দুৰৱস্থা দেখি খঙত অগ্নিশৰ্মা হৈ অভিযন্তাৰ গাত বোকা ঢালি দিয়ে বিধায়ক নিতেশ ৰানেয়ে। বিধায়কগৰাকীৰ এনে কাৰ্য বৰ্তমান দেশজুৰি চৰ্চিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।