বিশ্বজুৰি তৃতীয় বাৰৰ বাবে ডাউন হ’ল ছচিয়েল মিডিয়া

 07/04/2019 - 19:28

ডিজিটেল ডেস্কঃ কালি বিশ্বজুৰি ৯ ঘণ্টা ডাউন হৈ আছিল ফেচবুক, হােৱাটছআপ আৰু ইনষ্টাগ্ৰাম সেৱা। ফলত ফটাে, ভিডিঅ’ আপলােড তথা পােষ্ট কৰাত সৃষ্টি হৈছিল অলেখ সমস্যাৰ। ইউজাৰ্ছৰ মাজত লাগিছিল হাহাকাৰ। ভাৰত, আমেৰিকা আদি কেইবাখনাে দেশত ডাউন হৈ আছিল ফেচবুক, হােৱাটছআপ আৰু ইনষ্টাগ্ৰাম।

কিন্তু পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। বুধবাৰে নিশা ৮ বজাৰ পৰাই তিনিওটা প্লেটফৰ্ম স্তব্ধ হৈ আছিল। বিগত পাঁচ মাহত তৃতীয় বাৰৰ বাবে এনেকৈ ডাউন হ’ল ছ’চিয়েল মিডিয়া। ইয়াৰ পূৰ্বেও চলিত বছৰৰ মাৰ্চ আৰু এপ্ৰিলত এনে সমস্যাৰ সৃষ্টি হৈছিল। ফেচবুক, হােৱাটছআপ আৰু ইনষ্টাগ্ৰাম ডাউন হৈ পৰাৰ ফলত বিশ্বৰ ৪০০ কােটিৰো অধিক ইউজাৰ্ছে অশান্তি পায়। কিন্তু টুইটাৰে কাম কৰি আছিল আৰু যাৰ কাৰণে ইউজাৰ্ছৰসকলে সমস্যা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰি আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.