দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মীন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত

 07/04/2019 - 20:05

মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন নদ নদী খাল বিলত ঘন মিহি জালেৰে মাছ ধৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে মে, জুন আৰু জুলাই মাহত মাছে কণী পাৰে।

যাৰ বাবে সেই সময়ছোৱাত ঘন মিহি জালেৰে মাছ মাৰিলে কণীবোৰ নষ্ট হয়। সেইবাবে এই সময়ছোৱাত জালেৰে মাছ ধৰা নিষেধ।

কিন্ত মীন বিভাগৰ সমীপতে, মানকাচৰ, দিয়াৰা, কালাপানী,বৰবিল,হাটশিঙিমাৰী, দক্ষিণ শালমাৰাত একাংশ মাছমৰীয়াই বিভিন্ন জলাশয়ৰ পৰা মিহি জালেৰে মাছ ধৰি আছে। এই ক্ষেত্ৰত মীন বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।