নৰ্থ-ইষ্ট চুপাৰষ্টাৰ মডেলিং এণ্ড ডান্স শ্ব’লৈ নিৰ্বাচিত কোকৰাঝাৰৰ ৪২ গৰাকী

 03/20/2019 - 14:02

কোকৰাঝাৰঃ গুৱাহাটী মহানগৰীত “আকৃতি ইভেন্ট আৰু কোম্পানী”ৰ সৌজন্যত পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বোত্তৰক সামৰি কণ কণ লৰা-ছোৱালী সকলৰ মাজত কলা শিল্পীৰ প্ৰতিভাক দাঙি ধৰিবলৈ এখন মুকলি মঞ্চ দিয়াৰ মহান প্ৰয়াসেৰে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰতো চুপাৰষ্টাৰ মডেলিং আৰু নৃত্যৰ অডিচন অনুষ্ঠিত হয়৷ 

বিটিএডিৰ সদৰ চহৰ কোকৰাঝাৰস্থিত নৃত্য-কলা একাডেমীৰ উদ্যোগত আয়োজিত উত্তৰ পূৰ্বোত্তৰভিত্তিক চুপাৰষ্টাৰ মডেলিং আৰু নৃত্যৰ অডিচন অহা ২৯ মাৰ্চত গুৱাহাটীৰ মাছখোৱা আইটিএ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ বাবে কোকৰাঝাৰ জিলাৰ পৰা ৪২ গৰাকী প্ৰশিক্ষাৰ্থী নিৰ্বাচিত হৈছে৷ নিৰ্বাচিত আটাইকেইগৰাকী কোকৰাঝাৰ নৃত্য-কলা একাডেমীৰ প্ৰশিক্ষাৰ্থী৷ 

কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত নৃত্য কলা একাডেমীৰ সহযোগত আৰম্ভ হোৱা উত্তৰ পূৰ্বোত্তৰ ভিত্তিক চুপাৰষ্টাৰ মডেলিং আৰু নৃত্যৰ জিলা পৰ্যায় অডিচনত কোকৰাঝাৰ জিলাৰ ছালাকাটি, ফকিৰাগ্ৰাম, ভোটগাও, চৰাইখোলা, তিনালী, দোতমাকে ধৰি ভিন্ন প্ৰান্তৰ প্ৰায় ১০৫ গৰাকী প্ৰতিযোগীয়ে অংশ লয়৷ তাৰে ভিতৰত ৪২ গৰাকীক নিৰ্বাচিত কৰা হয়৷ ইফালে গুৱাহাটী মহানগৰৰ আই টি এ মাছখোৱাত আকৃতি ইভেণ্ট আৰ কোম্পানীয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা উত্তৰ পূৰ্বোত্তৰ ভিত্তিক মডেলিং আৰু নৃত্যৰ দুয়োটা প্ৰতিযোগী ইভেন্টৰ মাধ্যমৰে লৰা ছোৱালী সকলৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাক এইখন মঞ্চই  উৎসাহ যোগোৱাই নহয়, অসমৰ পিছপৰা দুৰ্গম অঞ্চলৰ শিশু সকলৰ কলা শিল্পীৰ প্ৰতিভাক মুকলি কৰাৰ ক্ষেত্ৰতো সুবৰ্ণ সুযোগ পাব বুলি আশা ব্যক্ত কৰে কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ অধ্যক্ষ প্ৰলয় দত্তই৷

উল্লেখ্য যে মঙলবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰৰ কালীবাড়ী মন্দিৰ প্ৰাংগনত কোকৰাঝাৰ নৃত্য-কলা একাডেমীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানযোগে অহা ২৯ মাৰ্চত অংশ গ্ৰহণ কৰিবলগীয়া প্ৰশিক্ষাৰ্থীক একোখনকৈ ফুলাম গামোচাৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰহিলা ব্ৰহ্মই আদৰণি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।