সৃষ্টি(জুলিকা বৰফুকন)ৰ নতুন গীত তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী

 07/04/2019 - 20:33

ডিজিটেল ডেস্কঃ  গীতঃ তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী

কণ্ঠ : জুবিন গাৰ্গ আৰু সৃষ্টি বৰফুকন

সংগীত : অনুপম কোঁৱৰ

কথা/সুৰ : অনুপ বৰুৱা

শব্দ সংমিশ্ৰণঃ পিংকু দাস

কেঁচা মাটিৰ গোন্ধ থকা 'তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী’ গীতেৰে সৃষ্টি (জুলিকা বৰফুকন) পুনৰ সংগীত জগতলৈ ওভতি আহিছে। আন্তঃমহাবিদ্যালয় সমাৰোহ আৰু বিভিন্ন প্রতিযোগিতাত পুৰস্কাৰপ্রাপ্ত সৃষ্টি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মহিলা শাখাৰ প্রাক্তন শ্রেষ্ঠ গায়িকা। মনময়ূৰী, সপোনৰ মৰমী, সোনাৰু ৯৯, যাদু, কিয়, অঞ্জলি আদি বিভিন্ন শ্রাব্য কেছেটত কণ্ঠদান কৰা সৃষ্টিয়ে অসমৰ বিভিন্ন প্রান্তত গীত পৰিবেশন কৰি সমাদৃত হৈছে। যোৰহাট এফ.এম. ৰেডিঅ(FM Radio)ত গীত পৰিৱেশন কৰাৰ লগতে নিউজ লাইভ, ডি.ৱাই.৩৬৫, নিউজ টাইম অসম আদি টিভি চেনেলতো তেওঁ গীত পৰিবেশন কৰিছে।

সংগীতত বিশাৰদ সৃষ্টিয়ে বৰ্ত্তমান শ্রীযুক্তা খনা দাসৰ তত্বাৱধানত বৰগীতৰ প্রশিক্ষণ গ্রহণ কৰি আছে। আইন বিষয়ত স্নাতক সৃষ্টিক সংগীতৰ প্রতি থকা নিচাই পুনৰ সংগীত জগতলৈ ওভতাই আনিছে। এওঁ ধেমাজি জিলাৰ ভেহপৰা গাঁৱৰ নিবাসী নোমল বুঢ়াগোহাঁই আৰু প্রয়াত সৰোজ দিহিঙ্গীয়াৰ বোৱাৰী। জি.আই.এম.টি. তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁইৰ পত্নী; গুৱাহাটীৰ নিৱাসী শৰৎ চন্দ্র ফুকন আৰু কমলা ফুকনৰ জীয়ৰী। "তুমি কোন দূৰণিৰ গাৱৰে ৰূপহী..." গানটি আগ্রহী শ্রোতাই ইউটিবত শুনিব আৰু ডাউনলোড কৰিব পাৰিব । ইউটিবৰ লিংকটি হ'ল - https://youtu.be/DL1FhSzhqpc। নিজ কণ্ঠ, সুৰেৰে ৰাইজৰ সমাদৰ লভিব পাৰিব বুলি আশাবাদী সৃষ্টি বৰফুকন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।