সদৌ অসম আন্তঃজিলা এথলেটিকছত মাৰ্ঘেৰিটাৰ সাফল্য

 07/04/2019 - 20:40

মাৰ্ঘেৰিটাঃ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম এথেলেটিকছ এছ'চিয়েচনৰ তত্ত্বাৱধানত ৪২সংখ্যক সদৌ অসম আন্তঃজিলা ছিনিয়ৰ আৰু জুনিয়ৰ (অনুৰ্ধ্ব ২০) এথলেটিকছ প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ এথলেটিকছ দলে এটি সোণৰ, তিনিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভেৰে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিছে। ৩০জুনৰ পৰা ২ জুলাইলৈ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এথলেটিকছ প্ৰতিযোগিতাখনিত মাৰ্ঘেৰিটাৰ দলৰ হৈ ২০ বছৰ অনুৰ্ধৰ মহিলা শাখাৰ ৩০০০মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰে চীমা জাতবধৰা, তৃতীয় স্থান আৰতি মাঝি, ২০বছৰ উৰ্ধৰ হাইজাম্পত দ্বিতীয় স্থান পুস্পা অৰেয়া, ২০ বছৰ উৰ্ধৰ পুৰুষ শাখাৰ ৫০০০ মিটাৰত দ্বিতীয় স্থান আৰু ১০,০০০ মিটাৰত প্ৰথম স্থান সঞ্জয় ভূমিজে লাভ কৰিবলৈ সক্ষম হয়।

মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাই প্ৰেৰণ কৰা ১০জনীয়া খেলুৱৈ দলটোৰ সৈতে পৰিচালক তথা প্ৰশিক্ষক হিচপে জামচেৰ খান আৰু কাৰিকৰী বিষয়া হিচাপে ইন্দুৰঞ্জুন বৰুৱা লগত গৈছিল। সদৌ অসম আন্তঃজিলা এথলেটিকছত মাৰ্ঘেৰিটাৰ দলটোৰ এই সফলতাত অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰ ,মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ,মাৰ্ঘেৰিটা সাংবাদিক সন্থা মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা ক্ৰীড়া আৰু জগিং কেন্দ্ৰ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছৰ সহকাৰী সম্পাদক মানস প্ৰতিম গগৈ সহ কেইবাটাও দল সংগঠনে শুভেচ্ছা জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।