উত্তৰ পূৱ ৰেলৱেৰ ৰেল চলাচলত সালসলনি

 07/04/2019 - 21:08

ৰঙিয়াঃ হোজাই আৰু লামডিংৰ মাজত ৰেলপথ উন্নয়ণৰ কাম চলি থকাৰ বাবে উত্তৰপূৱ ৰেলৱে ৰেল পথৰ কিছু সালসলনি কৰা বুলি জানিব দিছে ৰেল বিভাগে । আজি অৰ্থাৎ ৪ জুলাই তাৰিখে ৰঙিয়া ৰেল সংমণ্ডলৰ সহ মাণ্ডলিক প্ৰৱন্ধক সন্তোশ কুমাৰ শৰ্মাই সংবাদ মাধ্যক এক সংবাদমেল যোগে জানিবলৈ দিয়া মতে হোজাই আৰু লামডিংৰ মাজত ৰেল পথ উন্নীতকৰণৰ কিছু কাম কৰি থকা হৈছে । ৰেলপথ উন্নিত কৰণৰ কাম দ্ৰুতগতিত চলি থকাৰ হেতুকে উক্ত পথৰে চলা - চল কৰা সকলোবোৰ ৰেলৰ পথ সলনি কৰা হৈছে ।

অহা ৭ জুলাইৰ পুৱা ৭.৩০ বজাৰ পৰা ৯ জুলাই তাৰিখৰ আবেলি ৪.৩০ বজালৈ ৰেল পথচোৱা বন্ধ থাকিব বুলি জানিব দিয়ে ৰেল বিষয়াগৰাকীয়ে। উক্ত পথৰে অহা যোৱা কৰা সকলো ধৰণৰ ৰেল সমুহ ইয়াৰ পৰিবৰ্তে ৰাঙাপাৰ বগিবিল দলংহৈ ডিব্ৰুগড়লৈ অহা যোৱা কৰিব বুলি ৰেল বিষয়া গৰাকীয়ে অৱগত কৰে । আনহাতে দুৰ দুৰণিৰ পৰা আহি লামডিংহৈ ৰেলত যাত্ৰা কৰা যাত্ৰী সকলে ৰঙিয়া ষ্টেচনত নামিব লাগিব বুলি কয়। যি সকল যাত্ৰী ৰঙিয়াত নামে সেই সকল যাত্ৰীক গুৱাহাটী আৰু ৰঙিয়াৰ মাজত অহা যোৱা কৰা ( Shuttle train) ৰেলৰে অনা নিয়া কৰা হ’ব ।

এই ক্ষেত্ৰত ৰঙিয়াত নমা যাত্ৰী সকলে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাৱলৈ হলে ৰেলৰ কোনোধৰণৰ ভাড়া দিৱ নালাগে বুলিও এ ডি আৰ এম গৰাকীয়ে উল্লেখ কৰে। ইফালে নামনিমুৱা ৰেলৰে যি সকল যাত্ৰীয়ে উক্ত সময়ৰ ভিতৰত যাত্ৰা কৰিৱ সেই সকল যাত্ৰীয়ে Shuttle train ৰে গুৱাহাটীৰ পৰা ৰঙিয়ালৈ আহি ৰেলত উঠিৱ লাগিৱ বুলি ৰেল বিভাগে জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।