নিউ ইণ্ডিয়া কা বহীখাতাঃ সদনত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

 07/05/2019 - 13:19

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিলে সাধাৰণ বাজেট। বাজেটত বহু পৰিৱৰ্তন পৰিলক্ষিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ আৰম্ভণি বাজেট দাখিল কৰা ব্ৰীফকেছৰ পৰাই দেখা গৈছে। বছৰ বছৰ ধৰি বাজেটৰ বাবে ব্যৱহাৰ কৰা হৈছে বিশেষ ব্ৰীফকেছ। কিন্তু আজি যেতিয়া নিৰ্মলা সীতাৰমনে বাজেট লৈ ওলাল তেতিয়া তেওঁৰ হাতত দেখা নগ’ল বিশেষ ব্ৰীফকেছ।

সীতাৰমনৰ হাতত দেখা গ’ল ব্ৰীফকেছৰ সলনি এটা ৰঙা ৰঙৰ বেগ। মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। এইবাৰ সলনি হ’ল বাজেটৰ নাম। বাজেটক ‘নিউ ইণ্ডিয়া কা বহীখাতা’ বুলি উল্লেখ বিত্ত মন্ত্ৰীৰ।বাজেট ভাষণৰ আৰম্ভণিতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে এইবাৰ দেশৰ জনতা একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে। এই নিৰ্বাচনত জনসাধাৰণে অভূতপূৰ্ব ভোটদান কৰিছে। প্ৰথমবাৰ মহিলা, যুৱ প্ৰজন্ম আৰু বয়োজ্যেষ্ঠসকলে ভাল কাম কৰা চৰকাৰৰ ওপৰত ভৰসা ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে দ্ৰুততাৰে কাম কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।