বন্ধক লৈ কঠোৰ পদক্ষেপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

 03/20/2019 - 14:18

গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে বন্ধ আৰু বন্ধ দিয়া সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বন্ধৰ নামত ৰে’লপথ, ৰাজপথ অৱৰোধৰ কাৰ্যসূচীক অসাংবিধানিক আখ্যা দিছে। উচ্চ ন্যায়ালয়ে ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী অধীক্ষকে এজাহাৰ দাখিল কৰিব লাগিব বুলি কৈছে আৰু আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে।

তদন্তকাৰী বিষয়াই ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰিব লাগিব আৰু সাত দিনৰ ভিতৰত ৰাজ্যৰ গৃহ বিভাগক দাখিল কৰিব লাগিব প্ৰতিবেদন। তদন্তৰ সময়ছোৱাত গাফিলতি হ’লে আৰক্ষী দায়বদ্ধতা আয়োগে ন্যায়ালয়ত প্ৰতিবেদনো দাখিল কৰিব লাগিব। ৰাজ্যৰ গৃহ বিভাগে বন্ধৰ ফলত হোৱা ক্ষতিপূৰণৰ পুঁজি বন্ধ দিয়া তাৰিখৰ পৰা ৩ মাহৰ পিছত দিব লাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।