ৰাষ্ট্ৰীয় মহিলা মাষ্টৰ এথলেটিকছ চেম্পিয়নশ্বিপত উজ্বলিল সাদৰী গগৈ, ডেইজী ৰাণী বৈশ্য গগৈ

 07/05/2019 - 14:00

গুৱাহাটীঃ গোৱাত অনুষ্ঠিত সদ্য সমাপ্ত ৰাষ্ট্ৰীয় মহিলা মাষ্টৰ এথলেটিকছ চেম্পিয়নশ্বিপত উজ্বলিল গুৱাহাটীৰ সাদৰী গগৈ আৰু কামৰূপৰ ডেইজী ৰাণী বৈশ্য। মাফীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মহিলা মাষ্টৰ এথলেটিকছ প্ৰতিযোগিতাত কামৰূপ দলক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ ডেইজী ৰাণী বৈশ্য গগৈয়ে এটা ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

৩৫ বছৰ উৰ্দ্ধৰ হেমাৰ-থ্ৰ প্ৰতিযোগিতাত ১২.০৬ মিটাৰ দূৰত্বলৈকে দলিয়াই ৰূপৰ আৰু শ্বটপুট প্ৰতিযোগিতাত ৭.৫ মিটাৰ দূৰত্বলৈকে দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ৬০ বছৰ উৰ্দ্ধত খেলি সাদৰী গগৈয়ে দিছকাছ্-থ্ৰ ত স্বৰ্ণ পদক আৰু হেমাৰ-থ্ৰত দ্বিতীয় স্থান লাভ কৰি অসমলৈ সুখ্যাতি কঢ়িয়াই আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।