বিশ্বকাপৰ বা-বতৰা

 07/05/2019 - 14:23

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৪২ সংখ্যক মেচত ৱেষ্ট ইণ্ডিজে পৰাস্ত কৰে আফগানিস্তানক। চলিত বিশ্বকাপত আফগানিস্তানে এখন খেলতো জয়ৰ মুখ নেদেখিলে। নিজৰ অন্তিম খেলত ৱেষ্ট ইণ্ডিজৰ হাতত ২৩ ৰানত পৰাজয় বৰণ কৰে আফগানিস্তানে। ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে ৩১১ ৰান সংগ্ৰহ কৰে।

তাৰ বিপৰীতে আফগানিস্তানে ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৮ ৰান কৰে। ৱেষ্ট ইণ্ডিজৰ ছাই হ’পে ৯২টা বলত ২টা ৬, ৬টা ৪ৰে মুঠ ৭৭ ৰান কৰি মেন অৱ দ্য মেচ হয়।

আজি আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৪৩ সংখ্যক খেল পাকিস্তান বনাম বাংলাদেশ। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা লণ্ডনৰ লডৰ্ছত এই মেচ অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।