ছচিয়েল মিডিয়াত ব্যস্ত থকা শিক্ষকৰ যাব পাৰে চাকৰি !

 07/05/2019 - 14:35

ডিজিটেল ডেস্কঃ এইবাৰ ছাত্ৰ-ছাত্ৰীসকল নহয় শিক্ষকসকল সাৱধান। বিদ্যালয় চলি থকা সময়ত যদি শিক্ষকসকল কেনেবাকৈ ছচিয়েল মিডিয়াত ব্যস্ত থাকে তেন্তে যাব পাৰে চাকৰি। এই সতৰ্কবাণী শিক্ষামন্ত্ৰীৰ।

পাঠদানৰ সময়ত ফােনত ব্যস্ত থকা শিক্ষকসকলে নাপাব ৰেহাই। এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ শিক্ষামন্ত্ৰী অনুপমা জয়দুডুৱালে। এতিয়া কথা হ’ল এই সতৰ্কবাণী কেৱল উত্তৰ প্ৰদেশৰ বাবেহে।

অসমৰ শিক্ষা বিভাগত কেতিয়া এই নিয়ম প্ৰযোজ্য হ’ব সেয়া হ’ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।