যোগীঘোপাত শিশু হত্যাৰ ঘটনাঃ হত্যাকাৰীক গ্ৰেপ্তাৰ

 07/05/2019 - 15:15

যোগীঘোপাঃ যোগীঘোপাত পাৰিবাৰিক কন্দলৰ নৃশংস পৰিণতি পোহৰলৈ আহিছে। ইটা ভাতাৰ শ্ৰমিকৰ আৱাসত শিশুৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক অৱশেষত হত্যাকাণ্ড বুলি নিশ্চিত কৰিলে আৰক্ষীয়ে। পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি পত্নীৰ পৰিয়ালৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে নিজ আত্মীয়ই ডিঙিত চেপি নৃশংসভাৱে হত্যা কৰিছিল এটি ৭ বছৰীয়া শিশুক।

অৱশেষত সমগ্ৰ অঞ্চলটোক জোকাৰি যোৱা হত্যাকাণ্ডটোৰ হত্যাকাৰীক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোগীাঘোপাৰ কুমাৰকাটা গাঁৱৰ এটি ইটা ভাতাৰ শ্ৰমিকৰ আৱাসত যোৱা ২ জুলাইত অতি ৰহস্যজনক অৱস্থাত এটি প্ৰায় ৭ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল। ডিঙিত কাপোৰ মেৰিওৱা অৱস্থাত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।

কুমাৰকাটাৰ এনবিআই নামৰ ইটা ভাতাটোৰ শ্ৰমিক হিচাপে কৰ্মৰত বাৰেন সুত্ৰধৰৰ ৭ বছৰীয়া পুত্ৰ কপিল সুত্ৰধৰৰ মৃতদেহটো বিয়লি ইটা ভাতাটোৰ কাষতে থকা শ্ৰমিকৰ এটি অস্থায়ী আৱাসত উদ্ধাৰ হৈছিল। কৰ্মসূত্ৰে ইটা ভাতাটোৰ শ্ৰমিকৰ অস্থায়ী আৱাসতে পৰিয়ালসহ বাস কৰা কোকৰাঝাৰ জিলাৰ কুনজলি গাঁৱৰ বাসিন্দা বাৰেন সূত্ৰধৰৰ কণমানি শিশুটি ২ জুলাইৰ দিনা পুৱাৰ পৰাই নিখোজ হৈ আছিল।

সিদিনাই বিয়লি ভাগত শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পিচতে যোগীঘোপা আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ প্ৰাথমিক অনুসন্ধান। আৰক্ষীয়ে তদন্ত চলাই ঘটনাটো হত্যাকাণ্ড বুলি নিশ্চিত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা চাপৰ থানাৰ অন্তৰ্গত চাচলাপাৰা গাঁৱৰ বাসিন্দা বাতেন আলীৰ পুত্ৰ গুলজাৰ হুছেইনক(২৭) আটক কৰে। গুলজাৰ হুছেইনে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে তেওঁ মৃত শিশুটিৰ মাহীয়েক ৰান্ধনী সূত্ৰধৰক এবছৰ পূৰ্বে বিয়া পাতিছিল।

কেইদিনমান পূৰ্বে গুলজাৰে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। গুলজাৰৰ শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বলি হৈ পিছত ৰান্ধনী সূত্ৰধৰে ভিনীয়েক তথা মৃত শিশুটিৰ পিতৃ বাৰেন সূত্ৰধৰে বাস কৰা ইটা ভাতাৰ শ্ৰমিকৰ অস্থায়ী আৱাসত আহি আশ্ৰয় লৈছিল।

যোৱা ১ জুলাইত গুলজাৰ হুছেইনে পত্নীক বিচাৰি ইটা ভাটাটোৰ শ্ৰমিকৰ আৱাসত থকা বাৰেন সূত্ৰধৰৰ বাসগৃহলৈ আহে আৰু পত্নী ৰান্ধনী সূত্ৰধৰৰ লগতে পত্নীক আশ্ৰয় দিয়া বাবে বাৰেনৰ পৰিয়ালৰ লোকৰ সৈতেও কাজিয়াত লিপ্ত হয়। পিছত গুলজাৰে উক্ত দিনা মদন বজাৰৰ সম্বন্ধীয় এঘৰত নিশাটো কটাই পুৱা পুনৰ ইটা ভাতাটোলৈ গৈ শিশুটিক অকলশৰীয়া অৱস্থাত প্ৰত্যক্ষ কৰে।

লগে লগে গুলজাৰে বাৰেনৰ পৰিয়ালৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে শিশুটিক ডিঙিত কাপোৰ এখনৰে ডিঙিত মেৰিয়াই নিৰ্মমভাবে হত্যা কৰি মৃতদেহটো কাষৰে আন এটা শ্ৰমিকৰ আৱাসত পেলাই থৈ উধাও হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।