বটদ্ৰৱাত পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ প্ৰস্তুতি

 03/20/2019 - 14:35

ডিজিটেল ডেস্কঃ প্ৰতি বছৰৰ দৰে এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱ ভাগ মঙলবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। পাঁচদিনীয়া শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দ্বিতীয় বৈকুণ্ঠলৈ চাৰি লক্ষাধিক ভক্তপ্ৰাণ যাত্ৰীৰ আগমন ঘটিব বুলি আশা কৰিছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

২১ মাৰ্চত অন্যান্য কাৰ্যসূচীৰ উপৰি দুপৰীয়া মূল কাৰ্যসূচী ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ অনুষ্ঠিত হ’ব৷ সেইদিনা গোসাঁইক নোৱাই-ধোৱাই আসনত বহুৱাই ফাকু দিয়া হ’ব আৰু পৰম্পৰা অনুসৰি গায়ন-বায়নে ‘ন-ধেমালি’ পৰিবেশন কৰিব। ২২ মাৰ্চৰ মূল কাৰ্যসূচী অনুসৰি পালন কৰা হ’ব গোসাঁই ফুৰোৱা উৎসৱ।

বটদ্ৰৱা থানৰ পৰা শোভাযাত্ৰা কৰি দৌল মন্দিৰলৈ গোসাঁইক লৈ যোৱাৰ পিছত দৌল মন্দিৰৰ অস্থায়ী আসনত গোসাঁইক অধিষ্ঠিত কৰা হ'ব।  তাৰ পিছত, পূজা-অৰ্চনা দিয়াৰ পিছত দৌলৰ চৌদিশে সাত পাক ঘূৰাই গোসাঁইক বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ’লগুৰি সত্র আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ পদক্ষিণ কৰোৱা হ'ব।

নিশা দুৱাৰ ধৰা বিশেষ অনুষ্ঠানৰদ্বাৰা কীৰ্ত্তনঘৰত প্ৰৱেশ কৰোৱাৰ পিছতে দৌল উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। নগাঁও জিলা আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনে বটদ্ৰৱাৰ দৌল উৎসৱটি সু-শৃংঙ্খলিত আৰু সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে গ্ৰহণ কৰিছে সকলো প্ৰয়োজনীয় ব্যৱস্থা৷

নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিয়ে বটদ্ৰৱা থানত উপস্থিত হৈ নিৰীক্ষন কৰিছে প্ৰস্তুতি পৰ্ব। অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালিত কৰিবৰ বাবে বিশেষভাৱে লক্ষ্য ৰাখিছে বটদ্ৰৱা স্থান পৰিচালনা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।