কাকপথাৰত ধ্বংসৰ গৰাহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

 07/05/2019 - 16:02

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ অসম অৰুনাচল প্ৰদেশ সীমান্তৱৰ্তী ডিৰাক গাঁও পঞ্চায়তৰ অধীনৰ অত্যন্ত পিছপৰা এখন গাঁও ডিৰাক পানী মাইঠং গাঁও৷ যিখন গাঁৱৰ বাসিন্দাই আজিৰ এই আধুনিক প্ৰযুক্তিৰ দিনটো যেন বাস কৰি আহিছে স্বাধীনতাৰ পূৰ্বৰ এখন পৃথিৱীত৷ স্বাধীনতাৰ কালৰে পৰা আজি পৰ্যন্ত কোনো এখন ফলপ্ৰসূ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এইখন গাঁৱক৷

আজিও যেন এইখন গাঁৱৰ বাসিন্দাই যুঁজ কৰিবলগীয়া হয় এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে৷ স্থানীয় কৃষক তথা গাঁওবাসীৰ সহায়ক হোৱাকৈ চৰকাৰী আঁচনি হিচাপে ১৯৯০ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰিছিল এটা পানী যোগান আঁচনিৰ প্ৰকল্প৷

কিন্তুু আজি প্ৰায় ৩০ বছৰ অতিক্ৰম কৰিবলৈ হ’ল তথাপিও বিশুদ্ধ খোৱা পানীৰ নামত এটুপি পানীও পোৱা নাই গাঁওবাসীয়ে এইখন আঁচনিৰ পৰা৷ বহুবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, অভিযন্তা, কৰ্মী পৰ্যবেক্ষণ কৰিবলৈ আহি মাথোঁঁ ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে৷ চৰকাৰী আঁচনিৰ নামত এজন মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ কৰিছিল যদিও কৰ্মচাৰীজনৰ প্ৰায় দুই বছৰ আগতে দুৰ্ঘটনাবশতঃ মৃত্যু ঘটিছে৷

বৰ্তমান পানী যোগান আঁচনি প্ৰকল্পৰ গৃহটো হাবি-জংঘলেৰে বেৰি ধৰি ভূত বাংলালৈ পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে গাঁওবাসীয়ে কেইবাবাৰো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, অভিযন্তাৰ লগতে স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিসকলক অভিযোগ প্ৰদান কৰিছে যদিও আজিকোপতি কোনো ধৰণৰ সুফল লাভ কৰা নাই৷

শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত গাঁওবাসীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত ক্ষোভ উজাৰি অভিযোগ দিছে আৰু অতি শীঘ্ৰে উক্ত সমস্যাটো সমাধান কৰিবলৈ দাবী জনাইছে৷ পৰবৰ্তী পৰ্যায়ত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ উক্ত প্ৰকল্পটোৰ বিষয়ে বিতংকৈ ৰাইজৰ আগত দাঙি ধৰিম৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।