সীমান্ত চহৰ মানকাচৰতো মহাপ্ৰভূ জগন্নাথ ৰথযাত্ৰা

 07/05/2019 - 16:45

মানকাচৰঃ দেশৰ অন্যান্য ঠাইৰ লগতে মানকাচৰতো হিন্দু ধৰ্মাৱলম্বী লোকে পালন কৰে মহাপ্ৰভূ জগন্নাথ ৰথযাত্ৰা।

সীমান্ত চহৰ মানকাচৰৰ পাল পাৰাৰ গৌৰ গোবিন্দ হৰিৰ উদ্যোগত আৰু লোহিত পাল, পিযুষ পাল, মলয় পাল, কাৰ্তিক পাল, দিলীপ পাল, গৌৰ পাল আদিৰ তত্ত্বাৱধনত আৰু ৰাইজৰ সহযোগত বিভিন্ন জাতি-জনগোষ্ঠী একত্ৰিত হৈ বিশ্বপিতা মহাপ্ৰভূ জগন্নাথ, বলভদ্ৰ আৰু মাতা সুভদ্ৰা তিনিওগৰাকীক লৈ ৰথেৰে পাল পাৰা মন্দিৰ প্ৰাঙ্গনৰ পৰা মানকাচৰ চহৰৰ মুল পথেদি সাহাপাৰা, কাছাৰী পাৰা পৰিভ্ৰমন কৰে।

বিশ্ব শান্তিৰ বাবেই এই ৰথযাত্ৰা কৰে বুলি উদ্যোক্তাসকলে অৱগত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।