চলিত বছৰত যদি বিয়া পতাৰ কথা ভাবিছে তেন্তে আছে এক বেয়া খবৰ

 07/05/2019 - 18:28

ডিজিটেল ডেস্কঃ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে শুকুৰবাৰে দাখিল কৰিলে পূৰ্ণাংগ কেন্দ্ৰীয় বাজেট। নতুন বাজেটত বৃদ্ধি পালে সোণৰ দাম।

চলিত বৰ্ষত বিবাহপাশত আৱদ্ধ হ’বলগীয়াসকলৰ বাবে নিশ্চয়কৈ ই বেয়া খবৰ। পূৰ্বতে সোণত আছিল ১০ শতাংশ শুল্ক। চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।