মাৰ্ঘেৰিটাঃ লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীনাথ গগৈ(৮৬)ৰ আজি নিশা প্ৰায় ১.৪৫ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। বহু বছৰৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা লিডুৰ বিশিষ্ট সমাজ সেৱকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
উল্লেখযোগ্য যে শামুকজান গাঁও পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে ৫ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে। লিডু শাখা সাহিত্য সভাৰ হৈ চন্দ্ৰ গৌতম, ৰাণাজ্যোতি নেওগ, তপন দে, দিপক চেতিয়া, শ্যামল কুমাৰ নেওগ আদি বিষয়ববীয়া উপস্থিত থাকি তেখেতৰ বাসভৱনত নশ্বৰ দেহত অসম সাহিত্য সভাৰ পতাকাৰে আবৃত কৰি পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
সেইদৰে শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হৈ প্ৰধান শিক্ষয়িত্ৰী চুফাতি পমুং মিলি আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ প্ৰাঙ্গনত অন্তিম শ্ৰদ্ধা জনায়। ইতিমধ্যে লিডু শাখা সাহিত্য সভাই তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে উক্ত দিনা উন্মোচন কৰিব পৰাকৈ এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লিডুৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি গগৈৰ মৃত্যুত লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী ড° দিপালী বৰপূজাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ মৃত্যু লিডুৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি বুলি মতপ্ৰকাশ কৰে।
গগৈৰ মৃত্যুত তিনিচুকীয়া জিলা সাংবাদিক সন্থা মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, মাঘেৰিটা সাংবাদিক সংস্থা আদিকে ধৰি বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেখেতে মৃত্যূুৰ সময়ত পত্নী, দুই পুত্ৰ বোৱাৰী-নাতিসহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে।