ছয়গাঁও মহাবিদ্যালয়ৰ দুজন ছাত্ৰক নিলম্বিত কৰা কাৰ্যক গৰিহণা ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ

 07/05/2019 - 18:50

গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতৰ ছাত্ৰ ফেডাৰেচনে এক সংবাদ মেল যােগে ছয়গাঁও মহাবিদ্যালয়ৰ দুজন ছাত্ৰক নিলম্বিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। খবৰ অনুসৰি যােৱা ৩ জুলাই তাৰিখে ষান্মাসিক পদ্ধতিত পঢ়ি থকা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনাচৰ্তে বিনামূলীয়া নামভৰ্ত্তি ব্যৱস্থাৰ দাবীত কৰা আন্দােলনৰ বাবে ছয়গাঁও মহাবিদ্যালয়ৰ দুই ছাত্ৰ ক্ৰমে- চন্দন দাস আৰু উপাসনা দাসক অধ্যক্ষই ৪ জুলাই তাৰিখে নিলম্বিত কৰে। যােৱা ৩ জুলাই তাৰিখে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সঞ্চালক অসমে ২৯ মে তাৰিখে প্ৰকাশ কৰা চাৰ্কুলাৰ অনুসৰি বেক্ বা ৭৫ শতাংশ উপস্থিতিৰ চৰ্ত আৰােপ কৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰিব খােজা কাৰ্যৰ তীব্ৰ বিৰােধিতা জনাই কিছু সময়ৰ বাবে ছয়গাঁও মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ অৱৰােধ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে।

এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল আৰু অংশগ্ৰহণকাৰীসকল আন্দােলনটােৰ বিষয় সম্পৰ্কে যথেষ্ট স্পষ্ট আছিল। এই কাৰ্যসূচী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নাছিল। মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকালয়, অসমলৈ ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ বতৰাটাে পঠিওৱাহে আছিল। উল্লেখযােগ্য যে উপাসনা আৰু চন্দনক মহাবিদ্যালয়ৰ পৰা নিলম্বনৰ নিৰ্দেশনা দিয়াৰ পূৰ্বে তেওঁলােকক নিজৰ মত ৰখাৰ বাবে কােনাে ধৰণৰ সুযােগ প্ৰদান কৰা নহ’ল। বৰঞ্চ তেওঁলােকে যেতিয়া অধ্যক্ষক প্ৰশ্ন কৰিলে তেওঁলােকৰ নিলম্বনৰ কাৰণ দৰ্শােৱাৰ বিপৰীতে অসাংবিধানিক শব্দ কৈ কােঠাৰ পৰা বাহিৰ কৰি দিয়ে। এই কাৰ্যৰ দ্বাৰা অধ্যক্ষই নিজৰ একপক্ষীয়তা আৰু স্বৈৰাচাৰিতা প্ৰকাশ কৰিলে। এই কাৰ্যৰ দ্বাৰা অধ্যক্ষই তেওঁৰ ছাত্ৰ বিৰােধী স্থিতি স্পষ্ট কৰি দিয়ে। লগতে গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আঘাত আনিছে। যাতে ভৱিষ্যতে কােনা ছাত্ৰই নিজৰ অধিকাৰৰ হৈ মাত মাতিব নােৱাৰে তাৰ বাবে নিলম্বন কৰি ছাত্ৰৰ ওপৰত কৰ্তৃত্বশীল আৰু দমনমূলক আচৰণ অধ্যক্ষই স্পষ্ট কৰি দিয়ে। সেয়েহে ছাত্ৰ ফেডাৰেচনে অতি শীঘ্ৰে দুই ছাত্ৰক নিলম্বন কৰা নিৰ্দেশনা উঠাই লােৱাৰ দাবি জনাইছে। নহ’লে আন্দােলন তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.