07/05/2019 - 18:54
in
সোণতলীঃ দক্ষিণ কামৰূপৰ জোৰশিমুলীত আজি এটি শিশুৰ সলিল সমাধি ঘটে৷ লগৰীয়াৰ সৈতে খেলি থকা অৱস্থাত ওচৰৰে পুখুৰীত পৰি ডুব যায় ছয় বছৰীয়া শিশুটি৷ ঘটনাটো প্ৰত্যক্ষ কৰি আন এটি সমনীয়া শিশুৱে চিঞৰ-বাখৰ কৰে৷
সমনীয়াৰ চিঞৰ-বাখৰ শুনি চুবুৰীয়াই পানীৰ পৰা উদ্ধাৰ কৰে শিশুটিক৷ মৃতপ্ৰায় অৱস্থাত শিশুটিত তৎক্ষণাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ কিন্তু চিকিৎসকে পৰীক্ষা-নিৰিক্ষা কৰি শিশুটি ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷