বৰপেটাঃ চাইল্ডলাইনৰ লগতে বিভিন্ন এনজিঅ' বা দল-সংগঠনে বাল্যবিবাহ ৰোধ কৰিবলৈ বিভিন্ন সময়ত সভা অনুষ্ঠিত কৰি সমাজত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে যদিও একাংশ নিৰক্ষৰ আৰু স্বাৰ্থান্বেষী মানুহে বাল্যবিবাহক সহযোগিতা কৰি এই ভয়াবহ সামাজিক সমস্যাটো জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন অসৎ পন্থাৰে বৰপেটা জিলাত প্ৰায়ে সংঘটিত হৈ আহিছে বাল্যবিবাহৰ ঘটনা।
অৱশ্যে বৰপেটা জিলা চাইল্ডলাইনৰ তৎপৰতাত কেইবাটাও বাল্যবিবাহৰ তথ্য পোহৰলৈ আহিছে। সংস্থাটোৱে বাল্যবিবাহ ৰোধৰ সজাগতা সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ বাল্যবিবাহ সন্দৰ্ভত উত্থাপিত এক অভিযোগে সকলোৰে চকু কপালত তুলিছে। বয়সৰ জালিয়াতিৰে বাল্যবিবাহ সংঘটিত কৰা বুলি যোৱা ১০ মে'ত বৰপেটা জিলা চাইল্ডলাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলামে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক এক অভিযোগ দাখিল কৰে।
অভিযোগ অনুসৰি বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী হাবি গাঁৱৰ ১৫ বছৰ ৪ মাহ বয়সৰ এগৰাকী নাবালিকাক তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হৰিপুৰৰ গোলাপ মিঞাৰ পুত্ৰ মোবাৰক মিঞা(২৪)ই বিয়া পাতে। উল্লেখ্য যে যোৱা ৫ এপ্ৰিলত বৰপেটা জিলা চাইল্ডলাইনৰ কেন্দ্ৰ সমন্বয়ক ৰফিকুল ইছলামে তাৰাবাৰী আৰক্ষী থানাৰ সহ: উপ পৰিদৰ্শক প্ৰদীপ চন্দ্ৰ কুমাৰৰ সহযোগত নাবালিকাগৰাকীক হৰিপুৰৰ মোবাৰক মিঞাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে।
বাল্যবিবাহ সন্দৰ্ভত সমন্বয়ক ৰফিকুল ইছলামে দিয়া অভিযোগৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাত ১২২/১৯ নম্বৰ গোচৰ ৰুজু কৰি আৰু ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/৪৬৬/৪৭১/৪৭৪/১৯৭/১৯৮/১৯৯/২০০ ধাৰা আৰু বাল্যবিবাহ ৰোধ বিধিৰ আৰ/ডব্লিউ ৯/১০/১১ ধাৰাৰ অধীনত তাৰাবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
বাল্যবিবাহৰ বলি হোৱা নাবালিকাগৰাকীৰ পিতৃ-মাতৃ, মোবাৰক মিঞা(দৰা), দৰাৰ পিতৃ গোলাপ মিঞা আৰু নটাৰী বিষয়া আব্দুল মতিন আহমেদৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন থানাত একাধিক বাল্যবিবাহ বিৰুদ্ধে অভিযোগ কৰা আছে, সেইবোৰ লাহে লাহে আৰক্ষীৰ তদন্তৰ আওতালৈ আহি আছে বুলি ৰফিকুল ইছলামে জানিবলৈ দিয়ে।
তাৎক্ষণিকভাৱে বাল্যবিবাহৰ দৰে শিশু অধিকাৰ ভঙ্গৰ অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা নল'লে এই ব্যাধি ৰোধ কৰা কষ্টকৰ। চৰকাৰে বাল্যবিবাহ ৰোধৰ কঠোৰ আইনী ব্যৱস্থা থকা বুলি যিমানেই আস্ফালন নকৰক কিয় কাৰ্যতঃ এই আইনে যে মানুহক পতিয়ন নিয়াব পৰা হোৱা নাই সেয়াই এতিয়া প্ৰতিফলিত হৈছে।