গুৱাহাটী আইআইটিৰ শৈক্ষিক উত্তৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মৌলিক সমস্যা সমাধানৰ বাবে নতুন আঁচনি

 07/05/2019 - 19:43

উত্তৰ গুৱাহাটীঃ বিজ্ঞান় প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈছে আইআইটি গুৱাহাটী। যোৱা ১ জুলাইত নৱ নিযুক্ত সঞ্চালক টি জি সীথাৰামে দায়িত্ব লয়। আজি গুৱাহাটী আইআইটিৰ বৰ্ড ৰূমত নৱ নিযুক্ত সঞ্চালকগৰাকীয়ে সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয়। মত বিনিময় অনুষ্ঠানত আইআইটি গুৱাহাটীৰ উপ সঞ্চালক পিএছৰবিয়ে আদৰণি ভাষণ পাঠ কৰে।

নৱ নিযুক্ত সঞ্চালকগৰাকীয়ে তেওঁ বক্তব্য আগবঢ়ায়। সঞ্চালকগৰাকীয়ে বিগত ৪ দিনত প্ৰতিষ্ঠানটোৰ সকলো খুটি-নাটি বুজ লোৱাৰ লগতে বিভাগসমূহৰ আন্তঃগাঁথনিৰ বুজ লয়। লগতে দায়িত্ব গ্ৰহণৰ পাঁচ বছৰৰ ভিতৰতে বিশৰ শীৰ্ষ স্থান লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত কি দৰে গুৱাহাটী আইআইটিক স্থান দিব পাৰি সেই বিষয়ে চমু আভাষ দাঙি ধৰে।

সঞ্চালকগৰাকীয়ে লগতে কয় ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ইন্সটিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কছে প্ৰতি বছৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰৰ প্ৰদৰ্শন মূল্যাংকন কৰি স্থান নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত সমীক্ষাৰ 'ইণ্ডিয়া ৰেংকিং ২০১৯'ৰ ফলাফল অনুসৰি গুৱাহাটী আইআইটিয়ে সকলো শিক্ষা অনুষ্ঠানৰ ভিতৰত নৱম স্থান দখল কৰিছে।

২০১৮ বৰ্ষৰ সমীক্ষাত গুৱাহাটী আইআইটিয়ে অষ্টম স্থান লাভ কৰিছিল। উল্লেখ্য যে বিগত বৰ্ষত কাৰিকৰী তথা প্ৰযুক্তিবিদ্যা শিক্ষাত সপ্তম স্থান দখল কৰাৰ লগতে যোৱা ৩ বছৰত আইআইটি গুৱাহাটীয়ে একেৰাহে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী আইআইটিয়ে মাত্ৰ ২৫ বছৰৰ ভিতৰতে বিশ্বৰ শীৰ্ষত থকা প্ৰযুক্তিবিদ্যা অনুষ্ঠানসমূহৰ ভিতৰত স্থান লাভ কৰি ভাৰতবৰ্ষৰ বাবে সুখ্যাতি অৰ্জন কৰিছে।

গতিকে এই ক্ষেত্ৰত আৰু অধিক গতি প্ৰদান কৰাৰ বাবে পৰিকল্পনা হাতত লোৱা হ'ব বুলি সঞ্চালকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ কয় যে এই ক্ষেত্ৰত বিশেষ দিশবোৰ সামৰি "IITG in pursuit of excellence" যাৰ দ্বাৰা ৰিছাৰ্ছ, অনুসন্ধান, অধ্যাপনা, সমাজ, ছাত্ৰ-ছাত্ৰী সকলোৰে উত্তৰণৰ বাবে বিশেষ আঁচনি লোৱা হ'ব। উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিকাশ, বানপানী, পানী, ভূমিকম্পৰ দ্বাৰা হোৱা ক্ষয়-ক্ষতি ৰোধ কৰা, বেমাৰ আদি সমস্যা দূৰ কৰাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে আই আই টিয়ে কাম শীঘ্ৰেই আৰম্ভ কৰিব বুলি জনায়। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ইঞ্জিনীয়াৰিং বিষয়ত অধ্যয়ন কৰিব বিচৰাসকলৰ বাবে আইআইটিয়ে বিশেষ আঁচনি ল'ব বুলিও কয়।

লগতে ছাত্ৰ-ছাত্ৰীসকলক চাপ মুক্ত কৰাৰ বাবে যোগ তপ যপ বিদ্যাৰ সহায়ো লোৱা হ'ব বুলি ঘোষণা কৰে। আজি সঞ্চালকগৰাকীক সাংবাদিকে আইআইটিৰ মাজেৰে যোৱা ঘোঁৰাজানৰ প্ৰদূষণ আৰু স্থানীয় যুৱকসকলৰ সংস্থাপনৰ লগতে স্থানীয় শিক্ষানুষ্ঠানবোৰ শৈক্ষিক উত্তৰণত তেওঁ কি ভূমিকা গ্ৰহণ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় শীঘ্ৰেই উত্তৰ গুৱাহাটীৰ ১০খন বিদ্যালয়ৰ দায়িত্ব লোৱাৰ লগতে বাকী প্ৰদূষণৰোধ, ঘোঁৰাজান আদি বিষয়সমূহ অধ্যয়ন কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন সমস্যা যেনে বানপানী, গৰা খহনীয়া অৰ্থনৈতিক অনগ্ৰহৰতা ইত্যাদি মৌলিক সমস্যাবোৰৰ দেশৰ আন ৰাজ্যৰ মানুহক জনোৱাৰ উদ্দেশে এখন দুমহীয়া আলোচনী এখনো প্ৰকাশ কৰাৰ কথা সদৰি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।