কৰবী-দূবৰি হত্যাকাণ্ডক লৈ চিবিআইৰ আবেদন গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

 03/20/2019 - 15:47

গুৱাহাটীঃ আজিৰে পৰা দুই দশক পূৰ্বে সমগ্ৰ অসমক জোঁকাৰি গৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডই। ১৯৯৫ চনৰ ৩১ জুলাইত গুৱাহাটীৰ আমবাৰীৰ নিজা বাসগৃহত কৰবী দাস আৰু তেওঁৰ কন্যা দূবৰি দাসক গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ড সন্দৰ্ভত লতাশিল আৰক্ষী থানাত গােচৰ ৰুজু কৰা হয় যদিও ১৯৯৫ চনৰ নৱেম্বৰত গােচৰটো চি বি আইলৈ হস্তান্তৰ কৰা হয়। তিনি বছৰ পিছত ১৯৯৮ চনৰ ৭ অক্টোবৰত চি বি আয়ে হত্যাকাণ্ডৰ সন্দৰ্ভত ভাগ্য কলিতা, তেওঁৰ গাড়ীচালক ফটিকুৰ আলী আৰু দেহৰক্ষী ভূপেন মেধিৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰে।

উল্লেখ্য যে আজিলৈকে এই হত্যাকাণ্ডৰ ন্যায় প্ৰদান হোৱা নাই। নিম্ন আদালতে ভাগ্য কলিতাক দোষমুক্ত কৰি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই গােচৰটোৰ তদন্তকাৰী সংস্থা চি বি আয়ে দাখিল কৰা আবেদন মংগলবাৰে গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে। নির্ধাৰিত সময়তকৈ ১৮৪ দিন পলমকৈ চি বি আই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হােৱাৰ পৰিপ্ৰেক্ষিতত তদন্তকাৰী সংস্থাটোৰ আবেদন গ্ৰহণ কৰা হ’ব নে নাই তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এই অনিশ্চয়তা দূৰ হ'লেও নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে গােচৰটো চলােৱাৰ ভিত্তি সন্দৰ্ভত দুসপ্তাহ পিছতহে উচ্চ ন্যায়ালয়ে বিবেচনা কৰিব।

দীর্ঘদিন ধৰি গােচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৭ চনৰ ২২ আগষ্টত কলিতা আৰু তেওঁৰ গাড়ীচালকক তথ্য-প্রমাণৰ অভাৱত কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে দোষমুক্ত ঘােষণা কৰে। ইপিনে, লক্ষণীয়ভাৱে আজিপর্যন্ত দেহৰক্ষী মেধিৰ সন্ধান উলিয়াবলৈ তদন্তকাৰী সংস্থাটো সক্ষম নহ'ল। আনহাতে, নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনােৱাৰ সিদ্ধান্ত লােৱা চি বি আই নির্ধাৰিত ৬০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ নহ'ল। ইয়াৰ বিপৰীতে ১৮৪ দিন পলমকৈ তেওঁলােকে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনােৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কেইবাটাও বিভাগৰ অনুমতি লােৱাকে ধৰি এক দীঘলীয়া প্ৰক্ৰিয়াৰ বাবে বিলম্ব হােৱা বুলি চি বি আয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰায়। এই সন্দৰ্ভত দুদিন শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চি বি আইৰ আবেদন গ্রাহ্য কৰে। অৱশ্যে চি বি আয়ে উচ্চ ন্যায়ালয়ত হত্যাকাণ্ডটোৰ গােচৰত কি নতুন তথ্য-প্রমাণ দাখিল কৰে, সেয়া লক্ষণীয় হ'ব। প্ৰায় ২৪ বছৰ পুৰণি কৰবী-দুবৰি চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গােচৰৰ মূল অভিযুক্ত ঠিকাদাৰ ভাগ্য কলিতাৰ ‘ভাগ্য’ কিমানদিনলৈকে এনেদৰে ওলমি ৰ’ব উচ্চ ন্যায়ালয়ৰ মজিয়াত, তাকে লৈ চলিছে চৰ্চা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।