জাপানীজ এনকেফালাইটিছত আক্ৰান্ত ৰােগীৰ চিকিৎসাৰ বাবে মহেন্দ্ৰমােহন চৌধুৰী চিকিৎসালয়ত হ’ব ম’ডেল চিকিৎসালয়

 07/05/2019 - 20:03

 গুৱাহাটীঃ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত ৰােগীৰ চিকিৎসাৰ বাবে গুৱাহাটী পানবজাৰস্থিত মহেন্দ্ৰমােহন চৌধুৰী চিকিৎসালয়ত ম’ডেল চিকিৎসালয় হ’ব বুলি আজি সদৰী কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জাপানীজ এনকেফালাইটিছ সম্পৰ্কীয় জিলাত টাক্স ফ’ৰ্চৰ সভাত উপায়ুক্ত পেগুৱে জাপানীজ এনকেফালাইটিছ ৰােগৰ প্ৰতিৰােধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালােচনা কৰে আৰু মহেন্দ্ৰ মােহন চৌধুৰী চিকিৎসালয়ৰ কৰ্তৃপক্ষক শীঘ্ৰে প্ৰয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

সভাত জিলা উপায়ুক্ত পেগুৱে স্বাস্থ্য, পশুপালন, পঞ্চায়ত, গ্ৰামােন্নয়ণ জনস্বাস্থ্য কাৰিকৰী কৃষি, মীন, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে জিলাখনত কেইবাগৰাকীও লােক জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হােৱা বিষয়ে আলােচনা কৰে। সংশ্লিষ্ট বিভাগসমূহ এই ৰােগ প্ৰতিৰােধৰ বাবে থকা ব্যৱস্থাৱলী অধিক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে অধিক সজাগতা অভিযান চলােৱা প্ৰয়ােজনতাৰ ওপৰত গুৰুত্ব আৰােপ কৰিবলৈ আহ্বান কৰে। সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মােহন চৌধুৰী উপ-অধীক্ষক ক্ৰমে- ডাঃ ডি আৰ দাস আৰু ডাঃ ভূপেন কুমাৰ ভূঞাৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।