ভূৰাগাঁৱত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ

 07/05/2019 - 20:06

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ বান গৰাখহনীয়াগ্ৰস্ত অঞ্চল ভূৰাগাঁৱত নৱ প্ৰজন্মই যাতে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভৱিষ্যত জীৱনত সফল ব্যক্তি হৈ সমাজ তথা দেশৰ বাবে সেৱা আগবঢ়াব পাৰে তাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভূৰাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ভূৰাগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ আৰম্ভ কৰিছে৷

ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অঞ্চলটোৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা ৩ জুলাইৰ পৰা আৰম্ভ কৰিছে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ‌। পাঠদানত অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰী-ছাত্ৰীয়ে। সংগঠন দুটাৰ এনে পদক্ষেপ শলাগ লৈছে অঞ্চলটোৰ সচেতন মহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।