আহত বন্যহস্তীক চিকিৎসা বিচাৰি বন সংৰক্ষকৰ জিলা বন বিষয়ালৈ প্রত্ৰ প্রেৰণ

 07/05/2019 - 20:13

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সকলোৰে মাজত লাডেন নামৰে পৰিচিত আহত বন্যহস্তীৰ মুক্ত বিচৰণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সংক্ৰান্তত শোণিতপুৰ জিলাৰ বন সংৰক্ষক (অবৈতনিক) সৌৰভ বৰকটকীয়ে দিয়া তথ্য অনুসৰি হাতীটোৱে বাঁও ভৰিত দুখ পোৱা বুলি জানিব পৰা গৈছে। ৰঙাপৰা নগৰৰ সমীপৱৰ্তী টেঙাবস্তিত হাতীটোৱে বিচৰণ কৰি আছে বুলি বন সংৰক্ষকগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

লগতে অনতিপলমে ইয়াৰ উপযুক্ত চিকিৎসা নহ’লে হাতীটোৰ মৃত্যু হ’ব বুলি আশংকা প্রকাশ কৰিছে। এই সংক্ৰান্তত অনতিপলমে হাতীটোক উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ তেওঁ জিলা বন বিষৱালৈ প্রত্ৰ প্রেৰণ কৰিছে| ইপিনে জিলা বন বিষয়াই আহত হস্তীৰ সন্দৰ্ভত কাজিৰঙা বন্যপ্রানী উদ্ধাৰকাৰী শিবিৰলৈ যোগাযোগ অব্যাহত ৰাখিছে| প্রাপ্ত খবৰ অনুসৰি কাইলৈ আহত বন্যহস্তীটোক উদ্ধাৰকাৰী দলে উদ্ধাৰৰ বাবে এক প্রচেষ্টা গ্রহণ কৰিব|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।