07/05/2019 - 20:20
in
নলবাৰীঃ নলবাৰীৰ টিহুৰ নাথকুছিত জলসিঞ্চন বিভাগৰ পুনৰ নিৰ্মিত জিৰণি চ’ৰাটো জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতাই উদ্বোধন কৰে। উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এখন সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত থাকে জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰী জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যনাথ কলিতাৰ লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
মন্ত্ৰী কলিতাই বাজেট সম্পৰ্কত ভাৰতবৰ্ষৰ মহিলাসকল নতুন বাজেটৰ জৰিয়তে আগবাঢ়ি যাব বুলি মন্তব্য আগবঢ়াই মহিলাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে তথা সমগ্ৰ দেশক বাজেটে চুই যাব বুলি উল্লেখ কৰে।