চিৰিয়াখানালৈ নতুন আলহীৰ আগমন

 03/20/2019 - 15:52

গুৱাহাটী: গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত আগমন ঘটিছে নতুন আলহীৰ। চিৰিয়াখানাৰ বাসিন্দা হ'বলৈ তেওঁলোক আহিছে সুদূৰ কানপুৰ আৰু মাদুৰাইৰপৰা। এইয়া কোনো দেশী বিদেশী পৰ্যটক নহয়। চিৰিয়াখানাখনৰ শোভাবৰ্ধনৰ বাবে অনা হৈছে ৩৫টাকৈ নতুন প্ৰাণী।

৮টা কুম্ভীৰ, ২টা ইমু চৰাই, ২টা অষ্ট্ৰিক পক্ষী আৰু ১টা ম'ৰা চৰাই নতুনকৈ বাসিন্দা হৈছেহি চিৰিয়াখানাখনৰ। ইয়াৰ লগতে আহিল ২০টা বিদেশী কঁকাটিল চৰাই আৰু দুটা হলৌ বান্দৰ।

চিৰিয়াখানাৰ ভিন ভিন স্থানত ৰখা প্ৰাণীকেইটাই পৰ্যটকক আকৰ্ষণ কৰিব বুলি আশা কৰিছে। অচিৰেই জিৰাফ আৰু জেব্ৰাও অনা হ'ব বুলি চিৰিয়াখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।