বিজনীত দিন দুপৰতে বেংকৰ প্ৰৱন্ধকৰ ঘৰত চুৰি

 07/05/2019 - 21:48

বিজনীঃ চিৰাং জিলাৰ বিজনী থানাৰ পৰা নাতি দূৰৰ আমগুৰী কলনীৰ বেংক বিষয়াৰ বাসগৃহত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। ইউনাইটেড কমাৰ্চিয়েল বেংকৰ বিজনী শাখাৰ প্ৰবন্ধক হিৰণ্য বায়নৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে হিৰণ্য বায়নৰ বাসগৃহৰ দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

পিছত শোৱনি কোঠাৰ আলমিৰাৰ তলা ভাঙি চোৰে সোণৰ কাণফুলি এযোৰ আৰু নগদ ৩০ হাজাৰ টকা লুটি পলায়ণ কৰে। সেই সময়ত বিষয়াজন বেংকত, বিজনী মহাবিদ্যালয়ৰ অধ্যাপক তথা বিষয়াজনৰ একমাত্ৰ পুত্ৰ সপ্তৰ্ষি বায়ন মহাবিদ্যালয়ত আৰু বিষয়াজনৰ পত্নী কবিতা বায়ন বিজনী-গেৰুকাবাৰী পথত থকা মাকৰ ঘৰলৈ ভাত খাবলৈ গৈছিল।

বিয়লি ৩ বজাৰ পিছত বিষয়াজনৰ অধ্যাপক পুত্ৰ সপ্তৰ্ষি ঘৰলৈ আহোঁতে চুৰিকাণ্ডৰ ঘটনাটো পোহৰলৈ আহে। উক্ত চুৰিকাণ্ড সন্দৰ্ভত বেংক বিষয়াজনে বিজনী থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।