কাকপথাৰত এনকেফেলাইটিছত কিশোৰৰ মৃত্যু

 07/05/2019 - 21:53

কাকপথাৰঃ ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে৷ জানিব পৰা মতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাত এনকেফেলাইটিছ ৰোগে প্ৰাণ ল’লে এজন কিশোৰৰ৷

টঙনা আৰক্ষী চকীৰ অন্তৰ্গত টঙনা গাঁৱৰ এলড্ৰিন চুতীয়াৰ পুত্ৰ টঙনা ডনবস্কৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আদিত্য চুতীয়াই এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ ডিব্ৰুগড়ৰৰ সঞ্জীৱনী নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কিশোৰজনৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।