আমগুৰি চাৰিঙত বিধ্বস্ত পথ, ব্যাহত যাতায়াত ব্যৱস্থা

 07/06/2019 - 13:11

আমগুৰিঃ আমগুৰি চাৰিঙত বিধ্বস্ত পথ, ব্যাহত যাতায়াত ব্যৱস্থা। গড়কাপ্টানী বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে বিধ্বস্ত হৈ পৰা যাতায়াত ব্যৱস্থাত জনজীৱনলৈ ভাবুকি নামি আহিছে। চাৰিঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৱৰাপাৰ সংযোগী পথটো বিধ্বস্ত হৈ পৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় ৰাইজ।

তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো যোৱা কংগ্রেছ চৰকাৰ দিনতে ২ কিলোমিটাৰ পকী হ'ল যদিও প্রায় 1 কিলোমিটাৰ আজিও বোকাময় হৈ আছে। গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ মোমাই তামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৱাৰাপাৰ পথটোৰ ১ কিলোমিটাৰ বিধ্বস্ত হৈ থকাত বিভিন্ন দুৰ্ঘটনা হৈ প্ৰাণহানি পৰ্যন্ত হৈছে। সেয়ে ক্ষোভিত ৰাইজে চৰকাৰলৈ বাট নাচায় পথ মেৰামতিত লাগি পৰিল। হাতে হাতে কোৰ লৈ পথ মেৰামতি কৰি পৰিৱৰ্তনকামী চৰকাৰৰ মন্ত্ৰী বিধায়কক আহ্বান জনাইছে পথটো শীঘ্ৰে পকীকৰণ কৰিবলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।