ডিজিটেল ডেস্ক: দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিলে এক সংবাদ মেল। এই সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসকসকল নিযুক্ত স্থানত উপস্থিত নাথাকিলে এক অপৰাধ হিচাপে গন্য কৰা হ'ব। ইয়াৰ উপৰিও ৩০ ছেপ্তেম্বৰলৈ বাতিল কৰা হ'ব চিকিৎসক স্বাস্থ্যকৰ্মীৰ ছুটি। ফলত দৰমহাৰ উপৰিও চিকিৎসক কৰ্মীয়ে পাব অতিৰিক্ত ধন।
কিন্তু দায়িত্বত নিয়োজিত স্থানত থাকিব লাগিব চিকিৎসকসকল।যিসকল চিকিৎসক নিযুক্ত স্থানত উপস্থিত নাথাকিব তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা হ'ব এজাহাৰ। লগতে এই সংবাদমেলত মেডিকেল কলেজত জাপানীছ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীয়ে বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ঔষধ, বিনামূলীয়া ICU ৰ চিকিৎসা সেৱা লাভ কৰিব বুলি শৰ্মাই সদৰী কৰে। লগতে তেওঁ কয় যে এতিয়ালৈকে ১২.৮ লাখ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। সেইদৰে তেজ পৰীক্ষকগৰাকীয়ে তেজৰ প্ৰতিটো পৰীক্ষাত ৫ টকা ওপৰঞ্চিকৈ পাব বুলি কয়। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হ'লে ৰাজ্য চৰকাৰে দিব ১ লাখ পৰ্যন্ত সাহায্য।