অবৈধ কাঠসহ চাৰিখনকৈ ট্ৰাক জব্দ উত্তৰ কামৰূপ বন সংমণ্ডলৰ

 07/06/2019 - 13:45

ৰঙিয়াঃ  কাঠ মাফিয়াৰ বৃহৎ চক্ৰ এটাই অসমৰ মাজেৰে সৰবৰাহ কৰি আহিছে অবৈধ কাঠৰ চোৰাং ব্যৱসায়। যােৱা কালি সন্ধিয়া খাৰুপেটীয়াৰ বন বিভাগে অবৈধ কাঠসহ চাৰিখনকৈ ট্ৰাক জব্দ কৰে। নাগালেণ্ডৰ পৰা বিহাৰলৈ অসমৰ মাজেৰে লৈ গৈ আছিল মুল্যবান কাঠসমূহ।

শেষত ৰঙিয়াস্থ উত্তৰ কামৰূপ বন সংমণ্ডলৰ কাৰ্যালয়ে ৰঙিয়ালৈ লৈ আনে জব্দ কৰা ট্ৰাককেইখন। BR 01 GB 6381. UP 25 CT 3434, UP 79 T 6131 আৰু NL 01L 1191 নম্বৰৰ ট্ৰাক কেইখনত অবৈধ কাঠসমূহৰ তালাচী চলাইছে বন বিভাগে।

বন বিভাগৰ কোনো উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশত অসমৰ মাজেৰে এনেদৰে অবৈধ কাঠৰ সৰবৰাহ চলি আহিছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।