বৃদ্ধি পালে পেট্ৰ'ল ডিজেলৰ মূল্য

 07/06/2019 - 13:46

ডিজিটেল ডেস্ক: মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য।শুকুৰবাৰে উত্থাপিত হোৱা ২০১৯-২০ বৰ্ষৰ প্ৰথমখন বাজেটত বৃদ্ধি পালে ইন্ধনৰ মূল্য।

শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৫৪ টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ২.৪২ টকা। যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৬৭.১৮ টকা আৰু পেট্ৰ’লৰ হ'লগৈ প্ৰতি লিটাৰত ৭২.৫৩ টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।