বিশ্বকাপৰ বা-বতৰা

 07/06/2019 - 14:11

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ ৪৩ সংখ্যক মেচত পাকিস্তানে পৰাস্ত কৰিছে বাংলাদেশক। টচত জিকি প্ৰথমে বেটিং কৰি পাকিস্তানে ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ৩১৫ ৰান সংগ্ৰহ কৰে। তাৰ বিপৰীতে বাংলাদেশে ৪৪.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কৰে ২২১ ৰান। ৯৪ ৰানত পাকিস্তানৰ হাতত পৰাস্ত হ’ল বাংলাদেশ।

৯.১ অভাৰত ৩৫ ৰান দি ৬ টা উইকেট লোৱা ছাহিন আফ্ৰদীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। উল্লেখ্য যে কালিৰ মেচৰ দুয়োটা দলেই বিশ্বকাপ ক্ৰিকেটত ছেমি ফাইনেল খেলাৰ পৰা বাহিৰ হৈছে।

আজি ৪৪ সংখ্যক আৰু ৪৫ সংখ্যক মেচেৰে আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ অন্তিম লীগ মেচ অনুষ্ঠিত হ’ব। প্ৰথমখন মেচত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা লীডছৰ হেডিংলে খেলপথাৰত এই মেচ অনুষ্ঠিত হ’ব।

আনহাতে দ্বিতীয়খন মেচ সন্ধিয়া ৬ বজাৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।