পশ্চিমবংগৰ নাম সলনিক লৈ কেন্দ্ৰত বিৰােধিতা

 07/06/2019 - 14:23

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ নাম বাংলা কৰাৰ বাবে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই প্ৰস্তাৱক বিৰােধিতা কৰিছে কেন্দ্ৰই। ৰাজ্যসভাৰ মজিয়াতে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে পশ্চিমবংগৰ চৰকাৰে গ্ৰহণ কৰা এই প্ৰস্তাৱক কেন্দ্ৰই কােনাে ধৰণৰ সঁহাৰি আগবঢ়ােৱা নাই।

উল্লেখযােগ্য ২০১৮ চনৰ ২৬ জুলাইৰ দিনা পশ্চিমবংগৰ বিধানসভাত ৰাজ্যখনৰ নাম বাংলা কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বুলি কৈছিল যে বাংলা নামটো ৰাজ্যখনৰ বাবে প্ৰযােজ্য নাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।